কৃষি সম্পৰ্কীয়

১) টিক বলধে ওলায় মাটি ।
মাক ভালেহে জীয়েক জাতি ।।

২) বাৰিষা কালত বেঙ্গৰ ৰাৱ |
হাল গৰু লৈ পথাৰক যাৱ ||

৩) তিনিশ ষাঠীজোপা ৰুবা কল,
মাহেকে পষেকে চিকুনাবা তল ।
পাত পছলা লাভত পাবা,
লংকাৰ বনিজ ঘৰতে পাবা ।।